1
আদি 26:3
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019
তুমি এই দেশতে প্ৰবাস কৰা; তাতে মই তোমাৰ সঙ্গী হৈ তোমাক আশীৰ্ব্বাদ কৰিম; কিয়নো এই সকলো দেশ তোমাক আৰু তোমাৰ বংশকেই দিম, মই তোমাৰ পিতৃ অব্ৰাহামলৈ কৰা শপত সাম্ফল কৰিম।
Vergleichen
Studiere আদি 26:3
2
আদি 26:4-5
মই আকাশৰ তৰাবোৰৰ দৰে তোমাৰ বংশ বঢ়াই, তোমাৰ বংশক এই সকলো দেশ দিম; আৰু তোমাৰ বংশতে পৃথিৱীৰ সমুদায় জাতি আশীৰ্ব্বাদ প্ৰাপ্ত হ’ব; কিয়নো অব্ৰাহামে মোৰ কথা মানি, মোৰ আজ্ঞা আৰু বিধি-ব্যৱস্থাবোৰ পালন কৰিছিল।”
Studiere আদি 26:4-5
3
আদি 26:22
আকৌ তেওঁ তাৰ পৰা গৈ, আন এটা নাদ খান্দিলে। তাৰ নিমিত্তে হ’লে সিহঁতে বিবাদ নকৰিলে; তাতে তেওঁ তাৰ নাম ৰহোবোৎ ৰাখি ক’লে, “এতিয়াহে যিহোৱাই আমাক বহল ঠাই দিছে; এতেকে আমি দেশত বৃদ্ধি হ’ম।”
Studiere আদি 26:22
4
আদি 26:2
পাছত যিহোৱাই তেওঁক দৰ্শন দি ক’লে, “তুমি মিচৰ দেশলৈ নামি নাযাবা; যি দেশৰ কথা মই তোমাক ক’ম, তাতে থাকিবা।
Studiere আদি 26:2
5
আদি 26:25
পাছত ইচহাকে সেই ঠাইতে এটা যজ্ঞ-বেদি নিৰ্ম্মাণ কৰি যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলে আৰু তাতে নিজ তম্বু তৰিলে। পাছে ইচহাকৰ বন্দীহঁতে তাত এটা নাদ খান্দিলে।
Studiere আদি 26:25
Home
Bibel
Lesepläne
Videos